{"question": "প্রশ্ন: সৰণৰ মান কেতিয়া শূণ্য হয়", "answer": "এখন বৃত্তাকাৰ খেলপথাৰৰ এটা নির্দিষ্ট বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি খেলপথাৰৰ চাৰিওফালেৰে এপাক ঘূৰি আহি আগৰ বিন্দু (য’ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল) ত উপস্থিত হলে ইয়াৰ সৰণ শূণ্য হ'ব।", "id": "630074be7b460fd7968814f875b68122", "domain": "assamweb.in", "domain_index": 0}
{"question": "প্রশ্ন: কেতিয়া বস্তু এটাক সুষম বেগত গতি কৰা বুলি কোৱা হয়", "answer": "যদি বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনে বেগত সুষম বেগ বোলে।", "id": "bc759867925b398116cfdda13dec2fe8", "domain": "assamweb.in", "domain_index": 0}
{"question": "প্রশ্ন: বেগৰ এছ আই একক কি", "answer": "মিটাৰ প্ৰতি ছেকেণ্ড (m/s বা ms−১)", "id": "064675e0b9c0601ed0b5bc4ace0f9bbe", "domain": "assamweb.in", "domain_index": 0}
{"question": "প্রশ্ন: দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি", "answer": "উত্তৰ:  দ্রুতি হ’ল বস্তু এটাই প্রতি একক সময়ত অতিক্রম কৰা দূৰত্ব। আনহাতে বেগ। হ'ল প্রতি একক সময়ত বস্তু এটা নির্দিষ্ট দিশত অতিক্রম কৰা দূৰত্ব।  \nঅর্থাৎ, দ্রুতি মানহে আছে কিন্তু বেগৰ মান আৰু দিশ দুয়ােটাই আছে। সেয়েহে দ্রুতি স্কেলাৰ ৰাশি কিন্তু বেগ ভেক্টৰ ৰাশি।", "id": "59a0d6de98e17dd615c64936d6d0bce9", "domain": "assamweb.in", "domain_index": 0}
{"question": "অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা কি কি?", "answer": "উঃ অসমৰ ভূ-প্রাকৃতিক ভাগ চাৰিটা, যেনেঃ (ক) ব্রহ্মপুত্র উপত্যকা (খ) বৰাক উপত্যকা (গ) কার্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।", "id": "dc45f332f2fdd57ddf33316e285d5bc2", "domain": "assamweb.in", "domain_index": 1}
{"question": "২। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা কি কি ?", "answer": "উঃ ব্রহ্মপুত্র উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল চাৰিটা যেনেঃ (ক) উত্তৰৰ পাদদেশ অঞ্চল (খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল (গ) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু (ঘ) দক্ষিণৰ পাদদেশ অঞ্চল।", "id": "6c141afde2b4c979c06a23a389f48d94", "domain": "assamweb.in", "domain_index": 1}
{"question": "অসমৰ প্ৰধান ঋতু কেইটাকি কি?", "answer": "গ্রীষ্ম, বর্ষা,শৰৎ, হেমন্ত শীত আৰু বসন্ত।", "id": "db949457d41a1181b1aa5c1a35f1e477", "domain": "assamweb.in", "domain_index": 1}
{"question": "বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।", "answer": "উঃ বৰাইল পর্বতে প্রকৃততে পূৱৰ নগা পর্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযােগ কৰিছে আৰু উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰ উত্তৰ ফালে ঢালখােৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত। এই অঞ্চলত ধান খেতি ভাল হয়।কিছুঅংশত ঝুম খেতি কৰা হয়।", "id": "d398a2a6fd8e0632f2fb866d383b76a7", "domain": "assamweb.in", "domain_index": 1}
{"question": "প্রশ্ন : কলা কি?", "answer": "উত্তৰ : একোটা নির্দিষ্ট সম্পন্ন কৰা একে গঠন আৰু আকৃতি বিশিষ্ট কোষৰ সমষ্টিকেই কলা বােলে।", "id": "296ab33c83fd0a6951d8423eec90d85c", "domain": "assamweb.in", "domain_index": 2}
{"question": "প্রশ্ন:  সংবহন কণা কি ?", "answer": "উত্তৰ:  জাইলেম আৰু ফ্লোৱেমক একেলগে সংবহন কণা বােলে।", "id": "7d14f872c5431470d156a62d6824835b", "domain": "assamweb.in", "domain_index": 2}
{"question": "প্রশ্ন: ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা?", "answer": "উত্তৰঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট হ’ল— (ক) সংগঠন, (খ)নীতি, আদর্শ আৰু আঁচনি।", "id": "760fcc0cd819f48b85f3a41db1cf7545", "domain": "assamweb.in", "domain_index": 3}
{"question": "প্রশ্ন: জলসিঞ্চন মানে কি?", "answer": "উত্তৰঃ শস্যৰ বিকাশৰ কাৰণে মাটিৰ আদ্রর্তা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যােগান ধৰাকে জলসিঞ্চন বােলে।", "id": "fc7e82e6016d9c2ce22aac16c9d26e6c", "domain": "assamweb.in", "domain_index": 4}
{"question": "প্রশ্ন: শস্য কি?", "answer": "উত্তৰঃএকেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।", "id": "ade87c4eb0a3577274e4cf740f709c40", "domain": "assamweb.in", "domain_index": 4}
{"question": "প্রশ্ন: অপতৃণ কি?", "answer": "উত্তৰঃ খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাবিকভাৱে যিবিলাক অপ্রয়ােজনীয় উদ্ভিদ গজে সেইবােৰক অপতৃণ বােলে।", "id": "a262fd5eeb00807052c7e02ceaf84633", "domain": "assamweb.in", "domain_index": 4}
{"question": "প্রশ্ন: ৰবি শস্য কি কি?", "answer": "উত্তৰঃ সৰিয়হ, তিচি মটৰ, মচুৰ, খেচাৰি আদি", "id": "446d45aaed39559bb8ca1cde7025d042", "domain": "assamweb.in", "domain_index": 4}
{"question": "ক'ৰনা ভাইৰাছৰ জন্ম কেতিয়া হৈছিল ?", "answer": "ক'ৰনা ভাইৰাছৰ উৎপত্তি চীনৰ এখন চহৰ ৱুহান (wuhan) চহৰত হৈছিল ৷ পৃথিৱীৰ সৰ্বপ্ৰথম ক'ৰনা ভাইৰাছৰ ৰোগী এইখন চহৰতেই পাইছিল ৷", "id": "d49f8f243204667fd4113ddedcda9611", "domain": "eduassams.com", "domain_index": 0}
{"question": "এই বেমাৰৰ লক্ষণ কি ?", "answer": "ক'ভিড-১৯/ ক'ৰনা ভাইৰাছত প্ৰথমে জ্বৰ হয় ৷ ইয়াৰ পিছত শুকান কাহ আৰু একসপ্তাহমানৰ পিছত উশাহ লোৱাত কষ্ট হবলৈ আৰম্ভ কৰে ৷", "id": "c1f160ffb378a0630b2580743ffc0a2d", "domain": "eduassams.com", "domain_index": 0}
{"question": "ক'ৰনাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ?", "answer": "ঘনেঘনে হাত চাবোনেৰে ধোব লাগে ৷ এলকহলিক hand sanitizer spray ব্যৱহাৰ কৰিব লাগে ৷ ঘৰৰ পৰা বাহিৰলৈ গলে মাস্ক ব্যৱহাৰ কৰিব লাগে ৷ সময়ে সময়ে অতি কমেও ২০ চেকেণ্ডলৈ নিজৰ হাতখন ভালদৰে ধুব লাগে ৷ বহুত বেছি প্ৰয়োজনতহে ঘৰৰ পৰা বাহিৰত ওলাব লাগে ৷", "id": "f12857c1c2dd71d8e121f692cb452d40", "domain": "eduassams.com", "domain_index": 0}
{"question": "covid-19 সম্পূৰ্ণ অৰ্থ ?", "answer": "corona virus disease 2019", "id": "ae8f033690c997883ec0a681fc1fd74b", "domain": "eduassams.com", "domain_index": 0}
{"question": "ভাৰতবৰ্ষত কেতিয়া এই সংক্ৰমণ হৈছিল ?", "answer": "ভাৰতবৰ্ষত এই সংক্ৰমণ প্ৰথমবাৰ ফেব্ৰুৱাৰী ২০২০ ত পোৱা গৈছিল ৷", "id": "d7cd5282fb8094d61384de899e62715d", "domain": "eduassams.com", "domain_index": 0}
{"question": "উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় ?", "answer": "অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম ৷ তেওঁক উপন্যাস সম্ৰাট বুলি কোৱা হয় ৷", "id": "a46628ad9f6d04ea7afa3b15fcc0e76b", "domain": "eduassams.com", "domain_index": 1}
{"question": "ৰজনীকান্ত বৰদলৈ উপন্যাস সমূহৰ নাম কি ?", "answer": "মনোমতী, ৰহদৈ লিগিৰী, দন্দুৱা-দ্ৰোহ, নিৰ্মল-ভকত, ৰংগিলী আদি উল্লেখযোগ্য ৷", "id": "30d40ba83dbfa07b7cf0a41b0f26c8cf", "domain": "eduassams.com", "domain_index": 1}
